আজি ২৫ জানুৱাৰী

সুপ্ৰভাত

➡️আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস।
➡️১৬২৭ চনৰ ২৫ জানুৱাৰী তাৰিখে বিজ্ঞানী ৰবাৰ্ট বয়লৰ জন্ম হৈছিল।
➡️১৮২৪ চনৰ আজিৰ দিনটোতে বংগৰ প্ৰসিদ্ধ কবি মধুসূদন দত্তৰ জন্ম হৈছিল।
➡️১৮৭৪ চনৰ এই দিনটোতে কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ আৰু ঔপন্যাসিক ছমাৰছেট মমৰ জন্ম হৈছিল। ‘দা মুন এণ্ড ছিক্স পেন্স’, ‘হিউমেন ব’ণ্ডেজ’ আদি তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️১৯২৬ চনৰ ২৫ জানুৱাৰী তাৰিখে সংগীতজ্ঞ দিলীপ শৰ্মাৰ জন্ম হৈছিল।
➡️১৯৭১ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পূৰ্ণৰাজ্যৰ মৰ্যাদা লাভ।
➡️১৯৭৫ চনৰ এই দিনটোতে শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি হৈছিল।
➡️১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম সন্মান পুনৰ প্ৰৱৰ্তন কৰা হৈছিল। ১৯৭৭ চনৰ ৮ আগষ্টৰ পৰা এই সন্মান প্ৰদান বন্ধ ৰখা হৈছিল।
➡️১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে কন্ঠশিল্পী দীপালী বৰঠাকুৰলৈ পদ্মশ্ৰী সন্মান।
➡️২০০৫ চনৰ আজিৰ দিনটোতে অসমত মুঠ ৩০ লাখ বাংলাদেশী আছে বুলি তেতিয়াৰ ৰাজ্যপাল অজয় সিঙৰ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.