আজি ২৫ জুন

➡️আজিৰ দিনটো মোজাম্বিকৰ স্বাধীনতা দিৱস দিৱস হিচাপে পালন কৰা হয়।
➡️১৯০৩ চনৰ এই দিনটোতে ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ জন্ম হৈছিল।
➡️১৯৩০ চনৰ ২৫ জুন তাৰিখে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ ইংলেণ্ডত জন্ম হৈছিল।
➡️১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল।
➡️১৯৩২ চনৰ এই দিনটোতে ইংলেণ্ডৰ লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট প্ৰতিযোগিতা হৈছিল। এই টেষ্টত ভাৰতৰ অধিনায়ক আছিল চি কে নাইডু।
➡️১৯৫০ চনৰ ২৫ জুন তাৰিখে ৰাছিয়াৰ সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
➡️১৯৯১ চনৰ এই দিনটোতে জ্যোতি বসু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছিল। জ্যোতি বসুৱে ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে,যি এক অভিলেখ।।

You might also like
Leave A Reply

Your email address will not be published.