আজি ২৫ জুলাই

➡️ ১৮৩৪ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ ক’লৰিজৰ মৃত্যু হৈছিল।

➡️ ১৮৯৫ চনৰ ২৫ জুলাইত বিজ্ঞানী মেৰী কুৰী আৰু পীয়েৰ কুৰীৰ বিবাহ সম্পন্ন হৈছিল।

➡️ ব্ৰিটেইন, আমেৰিকা আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত হৈছিল ১৯৬৩ চনৰ ২৫ জুলাইত।

➡️ ১৯৭৭ চনৰ আজিৰ দিনটোতে নীলম সঞ্জীৱ ৰেড্ডী ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল । ১৯৮২ চনৰ ২৫ জুলাইলৈকে তেওঁ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️ গিয়ানী জাইল সিং ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ১৯৮২ চনৰ ২৫ জুলাইত। ১৯৮৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ১৯৮৭ চনৰ আজিৰ দিনটোতে ৰামস্বামী ভেংকটৰমণ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। ১৯৯২ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️ বাৰ্চিলোনাত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৯২ চনৰ ২৫ জুলাইত। এই সমাৰোহ ৭ আগষ্টলৈকে চলিছিল।

➡️ ১৯৯২ চনৰ ২৫ জুলাইত শংকৰ দয়াল শৰ্মা ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। ১৯৯৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ভাৰতৰ মহিলা দৌৰবিদ পি টি ঊষাই আন্তৰ্জাতিক ক্ৰীড়াৰ পৰা অৱসৰ লৈছিল ২০০০ চনৰ আজিৰ দিনটোতে।

➡️ কে আৰ নাৰায়ণন ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ১৯৯৭ চনৰ ২৫ জুলাইত। ২০০২ চনৰ ২৫ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে এ পি জে আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল । ২০০৭ চনৰ ২৪ জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️ ২০০৭ চনৰ ২৫ জুলাইত প্ৰতিভা পাটিলে ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছিল । তেৱেঁই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

➡️ চলচ্চিত্ৰ নিৰ্মাতা পদুম বৰুৱাৰ মৃত্যু হৈছিল ২০০৬ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৯১ চনৰ ২৫ জুলাইত চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.