আজি ২৭ ফেব্ৰুৱাৰী

➡️১৯০২ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে প্ৰসিদ্ধ মাৰ্কিন ঔপন্যাসিক জন ষ্টেইনবেকৰ জন্ম হৈছিল। ১৯৬২ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা। ‘দা গ্ৰেপছ অব ৰেথ’ ষ্টেইনবেকৰ এখন বিখ্যাত উপন্যাস।
➡️১৯৩১ চনৰ আজিৰ দিনটোতে এলাহাবাদত ব্ৰিটিছৰ লগত হোৱা সংঘৰ্ষত পিষ্টলেৰে চন্দ্ৰশেখৰ আজাদৰ আত্মহত্যা।
➡️১৯৮৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে হিতেশ্বৰ শইকীয়াৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ।সেই কাৰ্যকালত তেওঁ ১৯৮৫ চনৰ ২৩ ডিচেম্বৰলৈ মুখ্যমন্ত্ৰী পদত আছিল।
➡️২০০০ চনৰ এই দিনটোতে আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত মন্ত্ৰী নগেন শৰ্মাসহ ৫ জন লোকৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গোধৰাত সৰবমতী এক্সপ্ৰেছ ৰে’লত দুৰ্বৃত্তই অগ্নিসংযোগ কৰি ৬০ গৰাকী যাত্ৰীক হত্যা কৰিছিল।
➡️২০০৫ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে এমনেষ্টি ইণ্টাৰনেচনেলৰ পিতৃস্বৰূপ তথা ব্ৰিটিছ আইনজ্ঞ পিটাৰ বেনছনৰ মৃত্যু হৈছিল।
➡️১৯২৬ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে ‘Assam’-ক ‘Asom’ নামাকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্যজুৰি সৃষ্টি হৈছিল তুমুল প্ৰতিক্ৰিয়াৰ।।

You might also like
Leave A Reply

Your email address will not be published.