আজি ২৭ মাৰ্চ

➡️আজিৰ দিনটো বিশ্ব থিয়েটাৰ দিৱস হিচাপে পালন কৰা হয়।
➡️১১১৭ চনৰ ২৭ মাৰ্চ তাৰিখে বৰ্তমান কৰ্ণাটকৰ হালেবিদত (Halebid) হায়ছালা (Hoysala) বংশৰ ৰজা বিষ্ণুবৰ্ধনৰ বিষ্ণু মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
➡️১৫৫২ চনৰ এই দিনটোতে দ্বিতীয় শিখগুৰু অংগদৰ জীৱনাৱসান ঘটিছিল।
➡️১৮৪৫ চনৰ আজিৰ দিনটোতে এক্স-ৰে’ৰ আৱিষ্কাৰক জাৰ্মান পদাৰ্থবিজ্ঞানী উইলহেম ৰণ্টজেনৰ জন্ম হৈছিল।
➡️১৯১৫ চনৰ ২৭ মাৰ্চ তাৰিখে স্বাধীনতা সংগ্ৰামী আৰু সমাজসেৱী পুষ্পলতা দাসৰ জন্ম হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে তনুশ্ৰী দত্তই ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.