আজি ২৭ মে’

➡️ ১৯০১ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম মহাবিদ্যালয় গুৱাহাটীৰ কটন কলেজ মুকলি কৰা হৈছিল।
➡️১৯১০ চনৰ এই দিনটোতে জাৰ্মান জীৱাণু-বিজ্ঞানী ৰবাৰ্ট কখৰ মৃত্যু হৈছিল। যক্ষ্মা আৰু কলেৰা ৰোগৰ জীৱাণুৰ আৱিষ্কাৰক ৰূপে ৰবাৰ্ট কখ বিখ্যাত।
➡️১৯১১ চনৰ ২৭ মে’ তাৰিখে মুক্তিযোদ্ধা, সাহিত্যিক শিৱপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ কপিৰাইট বিধেয়ক গৃহীত কৰা হৈছিল।
➡️১৯৬৪ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ ২৭ মে’ তাৰিখে ব্ৰহ্মদেশৰ নাম সলনি কৰি নতুন নাম ম্যানমাৰ ৰখা হয়। দেশখনৰ ৰাজধানী চহৰ ৰেংগুনৰো নাম সলনি হয়। নতুন নাম য়াংগোন।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে কাৰ্গিলত ভাৰতীয় বিমান বাহিনীৰ দুখন মিগ যুদ্ধবিমান ধ্বংস হৈছিল।
➡️২০০০ চনৰ এই দিনটোতে বিদ্ৰোহী নেতা তথা কবি স্বাধীনতা ফুকন ওৰফে কবিৰৰঞ্জন শইকীয়াৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ২৭ মে’ তাৰিখে ভাৰতৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ আৰু পৰিকল্পনাবিদ আই এছ গুলাটিৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.