➡️১৭৫০ চনৰ আজিৰ দিনটোতে ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেৱাষ্টিন বাখৰ মৃত্যু হৈছিল।
➡️১৮২১ চনৰ এই দিনটোতে পেৰুৱে স্বাধীনতা লাভ কৰিছিল।
➡️১৯৩২ চনৰ ২৮ জুলাই তাৰিখে কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু হৈছিল।
➡️১৯৬৮ চনৰ এই দিনটোতে ৰসায়ন-বিজ্ঞানত নোবেল বঁটা বিজয়ী (১৯৪৪) জাৰ্মান বিজ্ঞানী অটো হানৰ মৃত্যু হৈছিল।
➡️১৯৭৯ চনৰ ২৮ জুলাই তাৰিখে চৰণ সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮৪ চনৰ আজিৰ দিনটোতে লছ এঞ্জেলছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ১২ আগষ্টলৈকে চলে।
➡️২০০১ চনৰ এই দিনটোতে জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে মামণি ৰয়ছম গোস্বামীলৈ ২০০০ চনৰ জ্ঞানপীঠ বঁটা ঘোষণা কৰা হৈছিল। এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া মহিলা।।