আজি ২৯ অক্টোবৰ

▶️১৭৪০ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ জেমছ বছৱেলৰ জন্ম হৈছিল।
▶️১৭৮৬ চনৰ এই দিনটোতেই খ্যাতিসম্পন্ন ফৰাচী সাহিত্যিক আৰু দাৰ্শনিক জেঁ লে ৰোনাল্ডৰ মৃত্যু ঘটিছিল।
▶️১৭৯৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি জন কীটছৰ জন্ম হৈছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোচেফ গোৰেবলছৰ জাৰ্মানীত জন্ম। মিছাক বাৰম্বাৰ সঁচা বুলি প্ৰচাৰ কৰাৰ এক কুখ্যাত কৌশলৰ উদ্ভাৱক ৰূপে তেওঁৰ নাম ইতিহাসত প্ৰসিদ্ধ।
▶️১৯১৭ চনৰ এই দিনটোতেই নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ এই দিনটোতেই প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী বাৰুজ বেনাকেৰৰাফৰ জন্ম হৈছিল। ১৯৮০ চনত তেঁও চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা।ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰ।
▶️১৯৩৩ চনৰ এই দিনটোতেই ফৰাচী বিজ্ঞানী এলবাৰ্ট কামেটৰ মৃত্যু।১৯০৮ চনত আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি তেওঁ যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা BCG আৱিষ্কাৰ কৰিছিল।
▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ৭৭ বছৰীয়া মহাকাশচাৰী জন গ্লেনৰ মহাকাশলৈ যাত্ৰা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ।।

You might also like
Leave A Reply

Your email address will not be published.