জনপ্ৰিয় তাৰকা, ‘FRIENDS’ ষ্টাৰ মেথিউ পেৰীৰ দেহাৱসান!

মৃত্যুৰ সময়ত মেথিউ পেৰীৰ বয়স আছিল ৫৪ বছৰ

নিউজ ডেস্ক:

নপ্ৰিয় তাৰকা, ‘FRIENDS’ ষ্টাৰ মেথিউ পেৰীৰ দেহাৱসান। মৃত্যুৰ সময়ত মেথিউ পেৰীৰ বয়স আছিল ৫৪ বছৰ। জনপ্ৰিয় ‘FRIENDS’ ত চেণ্ডলাৰ বিঙৰ চৰিত্ৰত অভিনয় কৰি বিশ্বজুৰি পৰিচিত হৈছিল অভিনেতাগৰাকী।

খবৰ অনুসৰি পেৰীক লছ এঞ্জেলছৰ গৃহত হট বাথ টাবত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীত কোনো ড্ৰাগছজাতীয় দ্ৰব্য পোৱা হোৱা নাই। কোনো ধৰণৰ ফাউল প্লে’ৰ সন্দেহো কৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত লছ এঞ্জেলছ আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে।

নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি থকাৰ বাবে পেৰীয়ে ১৫ বাৰ ৰিহাবলৈ গৈছিল আৰু তেওঁৰ ১৪টাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। ২০২২ চনত তেওঁৰ জীৱনীমূলক গ্ৰন্থ “ফ্ৰেণ্ডছ, লভাৰ্ছ, এণ্ড দ্য বিগ টেৰিবল থিং”ত তেওঁৰ সংগ্ৰামৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.