আজি ২৯ মাৰ্চ

▶️১৮২৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ সংগীতজ্ঞ তথা সুৰকাৰ বিথোভেন (সম্পূৰ্ণ নাম লুডউইগ ভান বিথোভেন)ৰ মৃত্যু হৈছিল।
▶️১৮৫৭ চনৰ এই দিনটোতেই বেৰেকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেৰ গুলীচালনাত এজন সেনা বিষয়াৰ মৃত্যু।চিপাহী বিদ্ৰোহৰ সূত্ৰপাত।
▶️১৯২৭ চনৰ এই দিনটোতেই ব্ৰিটিছ জীৱবিজ্ঞানী জন আৰ ভানৰ জন্ম হৈছিল। ১৯৮২ চনত তেওঁ লাভ কৰিছিল চিকিৎসাবিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৩১ চনৰ এই দিনটোতেই কৰাচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৫ সংখ্যক অধিৱেশন আৰম্ভ হৈছিল। তিনিদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই সৰ্বকনিষ্ঠ ব্ৰিটিছ প্ৰধানমন্ত্ৰী জন মেজৰৰ জন্ম হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই পৃথিৱীৰ অন্যতম প্ৰাচীন কমিউনিষ্ট দল ব্ৰিটেইনৰ কমিউনিষ্ট পাৰ্টিৰ নাম সলনি কৰি ডেম’ক্ৰেটিক লেফট ৰূপে নামাকৰণ কৰা হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই পাকিস্তানৰ বিৰুদ্ধে ৩০৯ ৰাণ কৰি ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগৰ নতুন ৰেকৰ্ড স্থাপন।
▶️২০০৫ চনৰ এই দিনটোতেই ইণ্ডোনেছিয়াত সংঘটিত ভূমিকম্পত সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ফেক্টৰী আইন সংশোধনত কেবিনেটৰ অনুমোদন।।

 

You might also like
Leave A Reply

Your email address will not be published.