নেচনেল ডেস্ক:

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। কৰ্ণাটকৰ এটা ৰে’ল ষ্টেচনৰ শৌচাগাৰৰ পৰা উদ্ধাৰ শিলচৰৰ অশোক ৰায় চৌধুৰী নামৰ এজন যুৱকৰ মৃতদেহ। জানিব পৰা মতে মৃত অশোক ৰায় চৌধুৰী কৰ্ণাটকৰ শ্বিমোগাত থকা ইউনিয়ন বেংকত কৰ্মৰত আছিল। দেওবাৰে শ্বিমোগাৰ পৰা যশোৱন্তপুৰ-শ্বিমোগা ইন্টাৰচিটি এক্সপ্ৰেছখনত ৰে’লৱেৰ চাফাই কৰ্মীসকলে নিয়মীয়া চাফাই অভিযান চলাই থকাৰ সময়তে ভিতৰৰ পৰা এটা শৌচাগাৰ বন্ধ হৈ থকা দেখা পায়। বহু সময় পৰ্যন্ত ভিতৰৰ পৰা দুৱাৰ খুলি নিদিয়াত অৱশেষত দুৱাৰ ভাঙি দিয়াত শৌচালয়ৰ ভিতৰত উদ্ধাৰ হয় অশোকৰ মৃতদেহ।

শনিবাৰৰ পৰা নিখোঁজ হৈ আছিল অশোক। হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ ৰে’ল আৰক্ষীৰ। উক্ত ঘটনাৰ খবৰ পাই অশোকৰ শহুৰেক শিলচৰস্থিত কাছাৰ কলেজৰ প্ৰাক্তন শিক্ষক অপূৰ্ব চক্ৰৱৰ্তী আৰু অন্যান্য আত্মীয় ইতিমধ্যে শ্বিমোগালৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। অশোকৰ অস্বাভাৱিক মৃত্যুৱে পৰিয়ালৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে। কৰ্ণাটক আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.