আজি ২ ছেপ্তেম্বৰ

➡️১৫৭৩ চনৰ ২ ছেপ্তেম্বৰত মোগল সম্ৰাট আকবৰে গুজৰাট দখল কৰিছিল।
➡️১৬৭৫ চনৰ আজিৰ দিনটোতে খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম হৈছিল।
➡️হো-চি-মিনৰ দ্বাৰা ভিয়েটনামৰ স্বাধীন ঘোষণা-পত্ৰ প্ৰকাশ কৰা হৈছিল ১৯৪৫ চনৰ ২ ছেপ্তেম্বৰত।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে জাপানৰ শান্তিৰ প্ৰস্তাৱ আৰু বিনাচৰ্তে আত্মসমৰ্পণ পত্ৰত স্বাক্ষৰ দান কৰা হৈছিল । ইয়াৰ পিছতেই দ্বিতীয় মহাসমৰৰ সামৰণি পৰিছিল।
➡️১৯৪৬ চনৰ ২ ছেপ্তেম্বৰত ব্ৰিটিছ চৰকাৰৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি পৰ্বৰ অংশৰূপে জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ অন্তৱৰ্তীকালীন জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই চৰকাৰৰ মন্ত্ৰী পৰিষদত আছিল লিয়াকত আলী খাঁ, ৰাজেন্দ্ৰ প্ৰসাদ, বাবু জগজীৱন ৰাম প্ৰমুখ্যে জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ।
➡️১৯৭০ চনৰ ২ ছেপ্তেম্বৰত কন্যাকুমাৰীত ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ দ্বাৰা প্ৰসিদ্ধ বিবেকানন্দ স্মৃতি স্তম্ভৰ উদঘাটন কৰা হৈছিল।
➡️১৯৭৬ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী মাৰাঠী সাহিত্যিক ভি এছ খাণ্ডেকৰৰ মৃত্যু হৈছিল ।
➡️পৃথিৱীৰ দ্ৰুতবেগী ৰে’লসেৱা টিজিভিৰ (TGV) প্ৰচলন আৰম্ভ হৈছিল ১৯৮১ চনৰ ২ ছেপ্তেম্বৰত।
➡️২০০৩ চনৰ আজিৰ দিনটোতে চীনৰ দক্ষিণ-পশ্চিম প্ৰান্তত প্ৰবল ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৫.৯। ভূমিকম্পত বিস্তৰ ক্ষয়-ক্ষতি হৈছিল ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ ভবেন বৰুৱাৰ ৬১ বছৰ বয়সত মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.