আজি ২ মে’

➡️১৫১৯ চনৰ আজিৰ দিনটোতে ইটালীৰ প্ৰখ্যাত চিত্ৰকৰ লিঅ’নাৰ্ডো ডা ভিন্সিৰ মৃত্যু হৈছিল। ‘মনালিছা’ আৰু ‘লাষ্ট ছাপাৰ’ তেওঁৰ অতি উল্লেখযোগ্য শিল্পকীৰ্তি।
➡️১৯০২ চনৰ এই দিনটোত পৃথিৱীৰ প্ৰথমখন কল্পবিজ্ঞান চলচ্চিত্ৰ ‘এ ট্ৰিপ টু দা মুন’ৰ মুক্তি লাভ।
➡️১৯২১ চনৰ এই দিনটোতে চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল।
➡️১৯৩২চনৰ ২ মে’ তাৰিখে ‘দা গুড আৰ্থ’ৰ বাবে পাৰ্ল এছ বাকলৈ পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল।
➡️১৯৩৩ চনৰ এই দিনটোতে আডলফ হিটলাৰৰ দ্বাৰা জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰা হৈছিল।
➡️১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমটো পলিথিন প্ৰস্তুতকৰণ প্ৰকল্প মুকলি কৰা হৈছিল।
➡️১৯৬৮চনৰ ২ মে’ তাৰিখে কৰ্মচাৰীৰ ভৱিষ্যনিধি বিষয়ক বিধেয়ক লোকসভাত গৃহীত কৰা হৈছিল।
➡️১৯৬৯ চনৰ এই দিনটোতে ৱেষ্ট ইণ্ডিজৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ জন্ম হৈছিল।
➡️১৯৭৩ চনৰ আজিৰ দিনটোতে অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
➡️১৯৯০চনৰ ২ মে’ তাৰিখে দেৱীদাস ঠাকুৰ অসমৰ ৰাজ্যপাল হৈছিল। ১৯৯১ চনৰ ১৭ মাৰ্চলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।।

 

You might also like
Leave A Reply

Your email address will not be published.