আজি ৩০ জুন

আজি ৩০ জুন

➡️কংগোৰ জাতীয় দিৱস।
➡️১৮৫৫ ব্রিটিছৰ শাসন-শোষণৰ বিৰুদ্ধে ভাৰতত ঐতিহাসিক চাওতাল বিদ্রোহ আৰম্ভ। পুলিচৰ নিৰ্বিচাৰ গুলীত কেইবা হাজাৰো চাওতাল বিদ্রোহীৰ মৃত্যু। ১৯১৭ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্রতিষ্ঠাতা দাদাভাই নৌৰজীৰ মৃত্যু। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেবেই প্ৰথমবাৰৰ বাবে স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে।
➡️১৯২১ চীনত কমিউনিষ্ট পার্টী প্রতিষ্ঠা।
➡️১৯২২ জোনাকী যুগৰ প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ জন্ম।
➡️১৯৩৭ প্রথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ৰ প্রকাশ বন্ধ।
➡️১৯৬০ আফ্রিকাৰ দেশ জাইৰেৰ স্বাধীনতা লাভ। পেট্রিক লুম্বা দেশখনৰ প্ৰথম প্ৰধান মন্ত্রী।
➡️১৯৯১ অসমত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছৰ মন্ত্রীসভা গঠন। হিতেশ্বৰ শইকীয়া অসমৰ মুখ্য মন্ত্রী। ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে তেওঁ মুখ্য মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯৭ হংকং পুনৰ চীনৰ অংশ। ১৮৯৮ চনত চীনে হংকঙৰ প্রাদেশিক অঞ্চল ৯৯ বছৰৰ বাবে ব্রিটেইনক লীজত দিছিল।
➡️২০০০ কবি নীলমণি ফুকনলৈ ভাৰতীয় ভাষা পৰিষদৰ বঁটা।

You might also like
Leave A Reply

Your email address will not be published.