আজি ৩০ মাৰ্চ

➡️১৬৬৩ চনৰ আজিৰ দিনটোতে নেৰানেপেৰা জ্বৰত মিৰজুমলাৰ মৃত্যু হৈছিল।
➡️১৮৫৩ চনৰ ৩০ মাৰ্চ তাৰিখে চিত্ৰশিল্পী ভিনচেণ্ট ভেন গগৰ জন্ম হৈছিল।
➡️১৯০৮ চনৰ এই দিনটোতে ভাৰতীয় চলচিত্ৰৰ প্ৰথম পৰ্যায়ৰ অভিনেত্ৰী দেৱিকা ৰাণীৰ জন্ম হৈছিল।
➡️১৯২৯ চনৰ ৩০ মাৰ্চ তাৰিখে অসমৰ খ্যাতিমান ঔপন্যাসিক কুমাৰ কিশোৰৰ (প্ৰকৃত নাম কিশোৰী মোহন শৰ্মা) জন্ম হৈছিল।
➡️১৯৪৯ চনৰ আজিৰ দিনটোতে জয়পুৰক ৰাজধানী ৰূপে লৈ নতুন ৰাজস্থান ৰাজ্য গঠন হৈছিল।
➡️১৯৬৪ চনৰ এই দিনটোতে সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৯২ চনৰ ৩০ মাৰ্চ তাৰিখে সত্যজিৎ ৰায়লৈ ১৯৯১ চনৰ বিশেষ অস্কাৰ বঁটা আগবঢ়োৱা হৈছিল। ১৯৯২ চনৰ মাৰ্চ মাহতে তেওঁ লাভ কৰে ‘ভাৰতৰত্ন’ সন্মান। ভাৰতৰ চাৰিওটা অসামৰিক সন্মান (পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰতৰত্ন) লাভ কৰা তেৱেঁই প্ৰথম ব্যক্তি।
➡️২০০০ চনৰ আজিৰ দিনটোতে আৱাহন যুগৰ গল্পকাৰ কৃষ্ণ ভূঞাৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে ১০১ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণী মাতৃ কুইন এলিজাবেথৰ (প্ৰকৃত নাম এলিজাবেথ বোৱেছ লিয়ন) মৃত্যু হৈছিল।
➡️২০০৭ চনৰ ৩০ মাৰ্চ তাৰিখে প্ৰসিদ্ধ ক্ৰিকেটাৰ অনিল কুম্বলেৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.