আজি ৩১ অক্টোবৰ

▶️আজি ৰাষ্ট্ৰীয় একতা দিৱস।
▶️১৮৩৫ চনৰ আজিৰ দিনটোতেই জাৰ্মান বিজ্ঞানী যোহান ফ্ৰেডেৰিক উইলহেল্ম আডলফৰ জন্ম হৈছিল। ১৯০৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৭৫ চনৰ এই দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা,লৌহ মানৱ,স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ এই দিনটোতেই জাপানত প্ৰবল ভূমিকম্পত সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল।
▶️১৯২৬ চনৰ এই দিনটোতেই হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ হেৰী হুদিনিৰ মৃত্যু হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিবেশন। ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চনমানলৈকে এৰা ধৰাকৈ সক্ৰীয় হৈ আছিল।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনৰ পানামা খাল সাঁতুৰি অতিক্ৰম। সাঁতুৰি পানামা খাল পাৰ হোৱা তেঁৱেই প্ৰথম ভাৰতীয়।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নতুন দিল্লীৰ নিজ বাসভৱনত সতৱন্ত সিং আৰু বিয়ন্ত সিং নামৰ দুই শিখ নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। দেশজুৰি হিংসাত্মক পৰিস্থিতি।এই দিনটোতেই প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ৰাম জনমভূমি-বাবৰি মছজিদৰ স্থাপত্যৰ ওপৰত কৰসেৱকৰ পতাকা উত্তোলন, অঞ্চলজুৰি চেপা উত্তেজনা।
▶️১৯৯৯ চনৰ এই দিনটোতেই আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান ব’য়িং-৭৬৭ ধ্বংস হৈ ২১৪ যাত্ৰী নিহত হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কুটনীতিজ্ঞ,গুজৰাট-অসমৰ প্ৰাক্তন ৰাজ্যপাল ব্ৰজকুমাৰ নেহৰুৰ ৯২ বছৰ বয়সত মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই পদ্মশ্ৰী সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰসিদ্ধ সাহিত্যিক অমৃতা প্ৰীতমৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.