আজি ৩১ জানুৱাৰী

➡️আজি নাওৰুৰ স্বাধীনতা দিৱস।
➡️১৯০১ চনৰ ৩১ জানুৱাৰী তাৰিখে ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল।
➡️১৯৪১ চনৰ এই দিনটোতে কন্ঠশিল্পী দীপালী বৰঠাকুৰৰ জন্ম হৈছিল।
➡️১৯৬৩ চনৰ ৩১ জানুৱাৰী তাৰিখে ম’ৰা চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ৰূপে ঘোষণা কৰা হৈছিল।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ তত্ত্বাৱধানত প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ নাওৰুৰ স্বাধীনতা লাভ।
➡️১৯৭২ চনৰ এই দিনটোতে শৰৎচন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৭৮ চনৰ ১২ মাৰ্চলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮৫ চনৰ ৩১ জানুৱাৰী তাৰিখে সংসদত দলত্যাগ বিৰোধী বিধেয়ক গৃহীত হৈছিল।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে শিৱসাগৰত আহোম যুগৰ সম্পদ সংৰক্ষিত তাই যাদুঘৰ মুকলি কৰা হৈছিল।
➡️২০০৪ চনৰ ৩১ জানুৱাৰী তাৰিখে অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা হেম ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন লেখক ছিডনী ছেলডনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.