আজি ৪ এপ্ৰিল

➡️আজিৰ দিনটো আন্তৰ্জাতিক খনি সজাগতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো ছেনেগালৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৯০৪ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰসিদ্ধ ভাৰতীয় কন্ঠশিল্পী কুন্দনলাল ছাইগলৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে উত্তৰ আটলাণ্টিক চুক্তি স্বাক্ষৰিত হৈছিল।
➡️১৯৪৬ চনৰ এই দিনটোতে ৰেডেৰিক চালমাৰছ বৰ্ন অসমৰ ৰাজ্যপাল হৈছিল। এই বছৰৰে ৩ ছেপ্টেম্বৰলৈকে তেওঁ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৬৮ চনৰ ৪ এপ্ৰিল তাৰিখে মাৰ্টিন লুথাৰ কিঙৰ মৃত্যু হৈছিল।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে সাংবাদিক-গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ মৃত্যু হৈছিল।
➡️১৯৭৯ চনৰ ৪ এপ্ৰিল তাৰিখে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ ফাঁচি হৈছিল।
➡️১৯৮৪ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশচাৰী হিচাপে ৰাকেশ শৰ্মাৰ ছোভিয়েট-ভাৰত যুটীয়া মহাকাশ অভিযানত মহাকাশলৈ যাত্ৰা। উল্লেখযোগ্য, মহাকাশলৈ যোৱা ৰাকেশ শৰ্মাই হ’ল প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী।
➡️২০০০ চনৰ আজিৰ দিনটোতে ৰংঘৰৰ বাকৰিত ৫৩২ জন বিদ্ৰোহীৰ আত্মসমৰ্পণ।
➡️২০০২ চনৰ এই দিনটোতে গুৱাহাটীৰ পৰা বেংককলৈ প্ৰথমবাৰৰ বাবে বিমান সেৱা মুকলি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.