আজি ৪ জানুৱাৰী

➡️আজিৰ দিনটো ম্যানমাৰৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৬০৪ চনৰ ৪ জানুৱাৰী তাৰিখে ৰাজকুমাৰ ছেলিমৰ (পাছলৈ জাহাংগীৰ নামে খ্যাত) বিদ্ৰোহ ব্যৰ্থ। পিতৃ আকবৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
➡️১৬৪৩ চনৰ আজিৰ দিনটোত ইংৰাজ জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। নিউটনৰ জন্মৰ পৰম্পৰাগত তাৰিখ ২৫ ছেপ্টেম্বৰ, ১৬৪২।
➡️১৮০৯ চনৰ আজিৰ দিনটোতে ফৰাচী অন্ধ গৱেষক তথা ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্ম হৈছিল।
➡️১৮৮৪ চনৰ এই দিনটোতে ধৰ্মপ্ৰচাৰক, ভাৰতৰ জাতীয় চেতনাৰ অন্যতম উন্মোষক কেশৱ চন্দ্ৰ সেনৰ মৃত্যু হৈছিল।
➡️১৯৩২ চনৰ ৪ জানুৱাৰী তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বত দ্বিতীয় আইন অমান্য আন্দোলন আৰম্ভ হৈছিল।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে ব্ৰহ্মদেশৰ (ম্যানমাৰ) স্বাধীনতা লাভ।
➡️১৯৬০ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ মৃত্যু হৈছিল।
➡️১৯৬৫ চনৰ ৪ জানুৱাৰী তাৰিখে মাৰ্কিন কবি-সাহিত্যিক টি এছ ইলিয়টৰ মৃত্যু হৈছিল।
➡️১৯৬৬ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ তাছখণ্ডত ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছিল। এই আলোচনাত অংশ লৈছিল তেতিয়াৰ প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে।
➡️১৯৭২ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ‘ইনষ্টিটিউট অব ক্ৰিমিনোলজী এণ্ড ফৰেনছিক ছায়েন্স’ মুকলি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.