আজি ৫ আগষ্ট

➡️ ১৮৫০ চনৰ ৫ আগষ্টত ফৰাচী কথাশিল্পী গি দা মোপাছাঁৰ জন্ম হৈছিল ।

➡️ ১৯৩০ চনৰ আজিৰ দিনটোতেই চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰঙত জন্ম হৈছিল।

➡️ মোহময়ী অভিনেত্ৰী মেৰিলীন মন্‌ৰোৰ মৃত্যু হৈছিল ১৯৬২ চনৰ ৫ আগষ্টত।

➡️ ১৯৫০ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল ।

➡️ সমাজবাদৰ অন্যতম প্ৰবক্তা তথা কাৰ্ল মাৰ্ক্সৰ সহযোগী ফ্ৰেডৰিক এঞ্জেলৰ মৃত্যু হৈছিল ১৮৯৫ চনৰ ৫ আগষ্টত।

➡️ ১৯৫৪ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ললিত-কলা একাডেমী উদ্বোধন কৰা হৈছিল।

➡️ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত হৈছিল ১৯৬৩ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৯১ চনৰ ৫ আগষ্টত ন্যায়াধীশ লীলা শেঠে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল।

➡️ পশ্চিম আফ্ৰিকাৰ ভূমিবদ্ধ দেশ বাৰকিনা ফাছোৱে স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৫৭ চনৰ ৫ আগষ্টত জাৰ্মান বিজ্ঞানী হাইনৰিখ অটো ভিলাণ্ডৰ মৃত্যু হৈছিল। তেওঁ ১৯২৭ চনত ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.