আজি ৬ আগষ্ট

➡️ আজি বলিভিয়াৰ স্বাধীনতা দিৱস।

➡️ আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।

➡️ আজি হিৰোছিমা দিৱস।

➡️ ১৮০৯ চনৰ ৬ আগষ্টত ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ জন্ম হৈছিল।

➡️ ১৮২৫ চনৰ ৬ আগষ্টত কলম্বিয়াই স্বাধীনতা লাভ কৰিছিল।

➡️ ১৮৮১ চনৰ আজিৰ দিনটোতে বিশিষ্ট জীৱাণুতত্ত্ববিদ, পেনিচিলিনৰ আৱিস্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল।

➡️ ১৯৩২ চনৰ আজিৰ দিনটোৰ পৰাই ভেনিছত বিশ্বৰ প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছিল । এই মহোৎসৱ ২১ আগষ্টলৈকে চলিছিল।

➡️ জাপানৰ হিৰোছিমাত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হৈছিল ১৯৪৫ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৮৬ চনৰ ৬ আগষ্টত মুম্বাইত ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম হৈছিল।

➡️ উত্তৰ-পূৱ ভাৰতৰ নানা ঠাইত ভূমিকম্প হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৯০ চনৰ ৬ আগষ্টত পাকিস্তানত বেনজিৰ ভূট্টোৰ চৰকাৰ বৰ্খাস্ত কৰা হৈছিল আৰু জাতীয় সংসদ ভংগ হৈছিল ।

➡️ সাহিত্যিক, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.