আজি ৬ জানুৱাৰী

➡️১৩১৬ চনৰ ৬ জানুৱাৰী তাৰিখে দিল্লীৰ চুলতান আলাউদ্দিন খিলিজীৰ মৃত্যু হৈছিল।
➡️১৮৮৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতিবিজ্ঞানী গ্ৰেগৰ যোহান মেণ্ডেলৰ মৃত্যু হৈছিল।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী গদ্য সাহিত্যৰ জনক ৰূপে খ্যাত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ বাৰাণসীত মৃত্যু হৈছিল।
➡️১৯১৯ চনৰ ৬ জানুৱাৰী তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে দুবাৰ কাৰ্যনিৰ্বাহ কৰা থিঅ’ডৰ ৰুজভেল্টৰ মৃত্যু হৈছিল।
➡️১৯৪৭ চনৰ এই দিনটোতে ভাৰত বিভাজনৰ বাবে অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ অনুমোদন। এই বিষয়ে হোৱা ভোটৰ সপক্ষে ৯৯টা আৰু বিপক্ষে ৫২টা ভোট পৰে।
➡️১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অলৰাউণ্ডাৰ কপিলদেৱৰ জন্ম হৈছিল।
➡️১৯৭১ চনৰ আজিৰ দিনটোত প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰৰ (প্ৰতুল চন্দ্ৰ সৰকাৰ) মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিজ্ঞানীৰ এন্টাৰ্কটিকালৈ যাত্ৰা আৰম্ভ।
➡️১৯৮৯ চনৰ ৬ জানুৱাৰী তাৰিখে ইন্দিৰা গান্ধীৰ হত্যাত অভিযুক্ত সতৱন্ত সিং আৰু কেহৰ সিঙক নতুন দিল্লীৰ তিহাৰ জে’লত ফাঁচি দিয়া হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে টেষ্ট ক্ৰিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ৰ অৱসৰ।
➡️২০০৫ চনৰ ৬ জানুৱাৰী তাৰিখে প্ৰবীণ ৰাজনীতিবিদ নিবাৰণ বৰাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.