আজি ৬ ফেব্ৰুৱাৰী

➡️১৮০৪ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ ৰাসায়নবিদ যোছেফ প্ৰিষ্টলিৰ মৃত্যু হৈছিল।
➡️১৯১২ চনৰ আজিৰ দিনটোতে আডলফ হিটলাৰৰ প্ৰেয়সী (জীৱনৰ অন্তিম সময়ৰ পত্নী) ইভা ব্ৰাউনৰ জন্ম হৈছিল।
➡️১৯৩১ চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী তথা জৱহাৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হৈছিল।
➡️১৯৭৬ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে বিশিষ্ট চিত্ৰ পৰিচালক ঋত্বিক ঘটকৰ মৃত্যু হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে গোলাঘাটৰ বিহৰা চাহ বাগিচাত কবি সমীৰ তাঁতিৰ জন্ম হৈছিল।
➡️১৯৯১ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে কলকাতাত অৱস্থিত এছিয়াৰ প্ৰাচীনতম ষ্টুডিঅ’ ‘বোৰ্ন এণ্ড শ্বেফাৰ্ড’ ভস্মীভূত হৈছিল। সেই সময়ৰ পৰা ১২৫ বছৰ আগতে এইটো ষ্টুডিঅ’ স্থাপন কৰা হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছী নেতা ভি এন গেডগিলৰ মৃত্যু হৈছিল।
➡️২০০৪ এই দিনটোতে ত্ৰয়োদশ লোকসভা ভংগ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.