➡️ ১১০৬ চনৰ ৭ আগষ্টত জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হৈছিল ।
➡️ ১৮৯৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ।
➡️ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল ১৯৪১ চনৰ ৭ আগষ্টত।
➡️ ২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছিল ।
➡️ ২০০৭ চনৰ ৭ আগষ্টত অসম চৰকাৰে ঘোষণা কৰিছিল যে অসম চুক্তি স্বাক্ষৰ হোৱাৰে পৰা অসমত ৪২,৪৪৯ জন অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে।
➡️ ১৯৯০ চনৰ আজিৰ দিনটোতেই শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মণ্ডল আয়োগৰ ৪৯.৫ শতাংশ আসন অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰাত দেশজুৰি তীব্ৰ বিক্ষোভ, প্ৰতিক্ৰিয়া সাব্যস্ত হৈছিল।
➡️ ছুইডেনৰ ৰসায়ন-বিজ্ঞানী জন্ছ জেকব বাৰ্জেলিয়াছৰ মৃত্যু হৈছিল ১৮৪৮ চনৰ ৭ আগষ্টত।
➡️ ১৮৭৬ চনৰ আজিৰ দিনটোতে মহিলা গুপ্তচৰ মাতাহাৰীৰ নেদাৰলেণ্ডছত জন্ম হৈছিল । নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
➡️ পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী ক’ষ্টে স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনৰ ৭ আগষ্টত।।