➡️১০২৬ চনৰ ৮ জানুৱাৰী তাৰিখে চুলতান মামুদৰ চতুৰ্দশ আৰু শেষ ভাৰত আক্ৰমণ। গুজৰাটৰ কাথিওৱাৰাৰ সোমনাথ শিৱ মন্দিৰ ধ্বংস কৰি মামুদে এই মন্দিৰৰ পৰা কোটি টকাৰ সোণ আৰু মূল্যৱান পাত্থৰ গজনীলৈ লৈ যায়। তেওঁ মন্দিৰৰ প্ৰায় চাৰে চাৰি ফুট উচ্চতাৰ শিৱলিংগটোও ভাঙি টুকুৰা-টুকুৰ কৰে আৰু সেই সমুহৰে পাছত গজনীৰ মছজিদৰ চিৰি অলংকৃত কৰিছিল।
➡️১৩২৮ চনৰ এই দিনটোতে ইটালীৰ প্ৰখ্যাত নাৱিক, পৰিব্ৰাজক মাৰ্কো পলোৰ মৃত্যু হৈছিল।
➡️১৬৪২ চনৰ আজিৰ দিনটোতে ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ’ গেলিলিৰ মৃত্যু হৈছিল।
➡️১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা সাহিত্যিক আশাপূৰ্ণা দেৱীৰ জন্ম হৈছিল।
➡️১৯২৬ চনৰ এই দিনটোতে ওডিচী নৃত্য বিশাৰদ কেলুচৰণ মহাপাত্ৰৰ জন্ম হৈছিল।
➡️১৯৪১ চনৰ ৮ জানুৱাৰী তাৰিখে বয় স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ মৃত্যু হৈছিল।
➡️১৯৪২ চনৰ ৮ জানুৱাৰী তাৰিখে ইংৰাজ পদাৰ্থবিদ ষ্টিফেন হকিঙৰ জন্ম হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে ৰাজনীতিবিদ চৈয়দ মহম্মদ চাদুল্লাৰ মৃত্যু হৈছিল।
➡️১৯৭৫ চনৰ এই দিনটোতে চীনৰ বিপ্লৱী ৰাষ্ট্ৰনায়ক, প্ৰথম প্ৰধানমন্ত্ৰী চৌ-এন লাইৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে ৰাছিয়াত বিমান দুৰ্ঘটনাত ১৮৭ গৰাকী লোকৰ মৃত্যু হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৮ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like