আজি ৮ জুন

➡️১৬৫৮ চনৰ আজিৰ দিনটোতে ঔৰংজেৱৰ দ্বাৰা পিতৃ শ্বাহজাহানক আগ্ৰা দুৰ্গত বন্দী।
➡️১৯৩৬ চনৰ এই দিনটোতে ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰা হৈছিল। নতুন নাম অল ইণ্ডিয়া ৰেডিঅ’।
➡️১৯৪৮ চনৰ ৮ জুন তাৰিখে ভাৰত আৰু ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰা হৈছিল। আৰম্ভণিতে এই বিমান সপ্তাহত এদিন কাইৰো আৰু জেনেভা হৈ চলিছিল। এয়াই ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে হলীউডৰ বিখ্যাত অভিনেতা ৰবাৰ্ট টেইলৰৰ মৃত্যু হৈছিল।
➡️১৯৬৬ চনৰ এই দিনটোতে জেনেৰেল পি পি কুমাৰমংগলমৰ ভাৰতৰ সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৬৯ চনৰ ৮ জুন তাৰিখে জেনেৰেল এছ এইচ এফ জে মানেকশ্ব’ৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে বিশ্বকাপ ক্ৰিকেটৰ ছুপাৰ ছিক্স পৰ্যায়ত ভাৰতৰ হাতত পাকিস্তান পৰাস্ত।।

You might also like
Leave A Reply

Your email address will not be published.