আজি ৮ নৱেম্বৰ

▶️১৬৫৬ চনৰ এই দিনটোতেই ইংৰাজ গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ এডমাণ্ড হেলীৰ জন্ম হৈছিল।
▶️১৬৬১ চনৰ আজিৰ দিনটোতেই সপ্তম শিখ গুৰু হৰ ৰাইৰ মৃত্যু।
▶️১৬৭৪ চনৰ এই দিনটোতেই ইংৰাজ কবি জন মিল্টনৰ মৃত্যু।’পেৰেডাইজ লষ্ট’ তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
▶️১৯২৩ চনৰ এই দিনটোতেই জাৰ্মানীত হিটলাৰৰ নেতৃত্বত সেনা অভ্যুত্থানৰ প্ৰচেষ্টা।
▶️১৯৫৩ চনৰ এই দিনটোতেই ৰাছিয়াৰ প্ৰসিদ্ধ সাহিত্যিক ইভান আলেক্সেভিছ বুনিনৰ মৃত্যু।১৯৩৩ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই কলকাতাৰ ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত চতুৰ্থ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ খিতাপ অৰ্জন।
▶️১৯৮৮ চনৰ এই দিনটোতেই জৰ্জ হাৰ্বাৰ্ট ৱাকাৰ বুশ্ব আমেৰিকাৰ ৪১ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই চৰকাৰ গঠন কৰিবলৈ ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণে জনোৱা অনুৰোধৰ প্ৰতি বিজেপি আৰু বাওঁ দলবোৰে সঁহাৰি নজনালেও চন্দ্ৰশেখক চৰকাৰ গঠন কৰাত কংগ্ৰেছৰ সমৰ্থন।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ অভিযোগত ১৫ জন প্ৰাক্তন সেনা বিষয়াক বাংলাদেশ আদালতৰ প্ৰাণদণ্ড।
▶️২০০৪ চনৰ এই দিনটোতেই কবি-গীতিকাৰ আলিমুন্নিছা পিয়াৰৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.