আজি ৯ আগষ্ট

➡️আজিৰ দিনটো ভাৰত ত্যাগ আন্দোলন দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৯৭ চনৰ এই দিনটোতে পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰিছিল। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
➡️১৯৫০ চনৰ আজিৰ দিনটোতে বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৫৭ চনৰ ২৭ ডিচেম্বৰলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৬২ চনৰ এই দিনটোতে জাৰ্মান কবি-ঔপন্যাসিক হেৰমান হেছৰ মৃত্যু হৈছিল।
➡️১৯৬৯ চনৰ ৯ আগষ্টত কলকাতাৰ অক্টৰলোনি মনুমেণ্টৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছিল শ্বহীদ মিনাৰ।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ ৫৫ বছৰীয়া জয়ন্তী পালন কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.