আজি ৯ এপ্ৰিল

➡️১৮৬৫চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান ঘটিছিল।
➡️১৮৯৮ চনৰ ৯ এপ্ৰিল তাৰিখে আমেৰিকাৰ কৃষ্ণাংগ অভিনেতা আৰু গায়ক পল ৰবছনৰ জন্ম হৈছিল।
➡️১৮৯৩ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ লেখক, শাস্ত্ৰজ্ঞ পণ্ডিত ৰাহুৰ সাংকৃত্যায়নৰ জন্ম হৈছিল।
➡️১৯৬৫ চনৰ এই দিনটোতে কচ্চৰ ৰান অঞ্চলত ভাৰত-পাকিস্তানৰ যুদ্ধ হৈছিল। ক্ৰমে যুদ্ধই ভয়াৱহ ৰূপ লোৱাৰ পাছত যুদ্ধবিৰতি ঘোষণা হয় ২৩ ছেপ্টেম্বৰত।
➡️১৯৭৭ চনৰ ৯ এপ্ৰিল তাৰিখে সাহিত্যিক-ৰাজনীতিবিদ হেম বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে কবি-সাহিত্যিক মহেন্দ্ৰ বৰাৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.