আজি ৯ ছেপ্টেম্বৰ

➡️১৮৫০ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ জনক ৰূপে অভিহিত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হৈছিল।
➡️১৯২৩ চনৰ ৯ ছেপ্টেম্বৰত অসমত প্ৰৱল ভূমিকম্প হৈছিল।
➡️উত্তৰ কোৰিয়াত গণ প্ৰজাতন্ত্ৰ গঠন হৈছিল ১৯৪৮ চনৰ ৯ ছেপ্টেম্বৰত।
➡️১৯৪৯ চনৰ আজিৰ দিনটোতে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষাৰূপে ঘোষণা কৰা হৈছিল ।
➡️১৯৭৬ চনৰ ৯ ছেপ্টেম্বৰত গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা মাও- ছে-তুঙৰ মৃত্যু হৈছিল ।
➡️১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। এই বছৰৰে ১১ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
➡️কাশ্মীৰৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বেখ আব্দুলাৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ৯ ছেপ্টেম্বৰত।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে লিয়েণ্ডাৰ পেজ জুনিয়ৰ ইউ এছ অ’পেনত চেম্পিয়ন হৈছিল।
➡️১৯৯৯ চনৰ ৯ ছেপ্টেম্বৰত সাহিত্যিক যোগেশ দাসৰ মৃত্যু হৈছিল ।
➡️২০০১ চনৰ আজিৰ দিনটোতে চীনৰ বেইজিঙত মন্দিৰ এটা ভাগি ১৩ জন লোকৰ মৃত্যু হৈছিল।
➡️বিশিষ্ট নাট্যকাৰ মুনীন ভূঞাৰ মৃত্যু হৈছিল ২০০৪ চনৰ ৯ ছেপ্টেম্বৰত।
➡️১০৮৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ সম্ৰাট উইলিয়াম দি কনকুৱেৰৰ মৃত্যু হৈছিল।
➡️সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত।
➡️১৮২৮ চনৰ আজিৰ দিনটোতে ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.