আজি ৯ জানুৱাৰী

➡️আজি প্ৰবাসী ভাৰতীয় দিৱস।
➡️১৬৬৩ চনৰ ৯ জানুৱাৰী তাৰিখে মিৰজুমলাৰ অসম আক্ৰমণৰ পৰিণতিত হোৱা সন্ধিৰ চৰ্ত অনুসৰি আহোম ৰাজকুঁৱৰী ৰমণী গাভৰুক মোগলৰ অন্দৰ মহললৈ প্ৰেৰণ। মিৰজুমলাৰ অসমৰ পৰা প্ৰত্যাৱৰ্তনৰ ঘোষণা।
➡️১৯১৫ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত আইন অমান্য আন্দোলন কৰি মহাত্মা গান্ধীৰ মুম্বাইলৈ প্ৰত্যাৱৰ্তন।
➡️১৯১৫ চনৰ এই দিনটোতে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা কৰা হৈছিল। পাছলৈ ইয়েই সবৰমতী আশ্ৰমৰূপে প্ৰখ্যাত হয়। এই বছৰতে গান্ধীজীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।
➡️১৯২১ চনৰ ৯ জানুৱাৰী তাৰিখে পাকিস্তানৰ ৰায়পুৰত বিজ্ঞানী হৰগোবিন্দ খোৰানাৰ জন্ম হৈছিল।
➡️১৯৫১ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে এছ জেড কাছিমৰ নেতৃত্বত যোৱা ২১ জনীয়া ভাৰতীয় অভিযাত্ৰী দলৰ প্ৰথমবাৰৰ বাবে এণ্টাৰ্কটিকাত পদাৰ্পণ। দলটোৱে ইয়াতে ভাৰতীয় ত্ৰিৰংগ পতাকা পুতি ‘দক্ষিণ গংগোত্ৰী’ নামৰ এটা স্থায়ী কেন্দ্ৰও স্থাপন কৰিছিল।
➡️১৯৯৬ চনৰ ৯ জানুৱাৰী তাৰিখে ভাৰতীয় চলচ্চিত্ৰাভিনেত্ৰী নাডিয়াৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ৯ জানুৱাৰী তাৰিখে নলিনীধৰ ভট্টাচাৰ্যলৈ ছগনলাল জৈন বঁটা ঘোষণা কৰা হৈছিল।
➡️২০০৩ চনৰ এই দিনটোতে নতুন দিল্লীত এন এছ চি এন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি আলোচনা আৰম্ভ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.