আজি ৯ ফেব্ৰুৱাৰী

➡️১৮২৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি মধুসূদন দত্তৰ মাইকেল মধুসূদন দত্ত নাম গ্ৰহণ।
➡️১৮৮০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সাহিত্যিক ডস্তয়েভস্কি (সম্পূৰ্ণ নাম থিঅ’ডৰ মিখাইল’ভিচ ডস্তয়েভস্কি) ৰ মৃত্যু হৈছিল।
➡️১৮৮৯ চনৰ এই দিনটোতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ উদ্যোগত সাহিত্যালোচনী ‘জোনাকী’ৰ প্ৰকাশ পাইছিল। সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
➡️১৯৩১ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লী চহৰৰ উদ্বোধনী উপলক্ষে ডাক বিভাগে ছটা ডাকটিকট মুকলি কৰিছিল। এইকেইটাই আছিল ভাৰতৰ প্ৰথম স্মাৰক ডাকটিকট।
➡️১৯৪০ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেৎজীৰ জন্ম হৈছিল। ২০০৩ চনত কোৱেৎজীয়ে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৫০ চনৰ এই দিনটোতে বাণী মন্দিৰ প্ৰকাশনৰ প্ৰতিষ্ঠা হৈছিল।
➡️২০০৭ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হৈছিল। ১৮ ফেব্ৰুৱাৰীত এই ক্ৰীড়া সমাৰোহৰ সামৰণি পৰে।।

You might also like
Leave A Reply

Your email address will not be published.