আজি BRICS ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক, এন ই ভাৰত

আজি BRICS ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰী সকলৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত ভাৰতে অধ্যক্ষ ৰাষ্ট্ৰ হিচাপে অংশ গ্ৰহণ কৰিব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। ভাৰ্চুৱেল বৈঠকত ব্ৰাজিলৰ বিদেশ মন্ত্ৰী কাৰ্লোচ এলবাৰ্ট ফ্ৰেংক ফ্ৰেংকা, ৰাচিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গে লেভৰভ, চীনৰ বিদেশ মন্ত্ৰী ৱাংই তথা দক্ষিণ আফ্ৰিকাৰ আন্তঃ ৰাষ্ট্ৰীয় সংযোগ আৰু সহযোগী মন্ত্ৰী গ্ৰেচ নালেদী মান্দিচা পেন্দেৰে অংশ গ্ৰহণ কৰিব।

আজিৰ বৈঠকত BRICS ৰ বিদেশ মন্ত্ৰী সকলে ক’ভিড মহামাৰী, আন্তঃ ৰাষ্ট্ৰীয় তথা আঞ্চলিক সমস্যা, বহনক্ষম উন্নয়ন আৰু সন্ত্ৰাসবাদৰ ওপৰত মত বিনিময় কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.