আফ্ৰিকাৰ কংগোত ভয়ংকৰ ঘটনা!

দুৰ্ঘটনাত ২৮ গৰাকী লোকৰ সলিল সমাধি

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰিকাৰ কংগোত ভয়ংকৰ ঘটনা। দেশখনৰ কংগো নদীত শোকাৱহ নাও দুৰ্ঘটনা।দুৰ্ঘটনাত ২৮ গৰাকী লোকৰ সলিল সমাধি ঘটাৰ বিপৰীতে প্ৰায় ২০০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। খবৰ মতে, সন্ধানহীন লোকৰ সংখ্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই । ঘটনাটো সংঘটিত হয় দেশখনৰ ইকুৱেটৰ প্ৰদেশৰ ৰাজধানী এমবাণ্ডাকাৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত। এনগণ্ডো নামৰ চহৰৰ পৰা যাত্ৰা কৰা নাওখন নিশা দুৰ্ঘটনাগ্ৰস্ত হয় বলম্বা গাঁৱত। উল্লেখ্য যে কংগোত প্ৰশাসনে নিশা নাও চলাচলৰ অনুমতি নিদিয়ে যদিও একাংশ নাৱৰীয়াই অৱজ্ঞা কৰি আহিছে এই নিষেধাজ্ঞা।।

You might also like
Leave A Reply

Your email address will not be published.