ৱাঘ বাকৰি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক পৰাগ দেশাইৰ শেষ নিশ্বাস ত্যাগ

দেওবাৰে আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ৱাঘ বাকৰি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালকগৰাকীৰ

নেচনেল ডেস্ক:

ৱাঘ বাকৰি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক পৰাগ দেশাইৰ শেষ নিশ্বাস ত্যাগ। দেওবাৰে আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ৱাঘ বাকৰি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালকগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ। ১৮৯২ চনত নৰনদাস দেশাইয়ে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ ব্যৱসায় পৰিচালনা কৰা দেশাই পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ সদস্য আছিল পৰাগ দেশাই। বাসগৃহৰ সমীপত বাটৰুৱা কুকুৰৰ আক্ৰমণৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে চিকিৎসাধীন হৈ আছিল দেশাই। দেওবাৰে সন্ধিয়া চিকিৎসালয়তে দেহাৱসান ঘটে দেশাইৰ।

নব্বৈৰ দশকতে পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰা পৰাগে আমেৰিকাৰ লং আইলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছিল। পৰাগ ৱাঘ বাকৰী চাহ গ্ৰুপৰ ব’ৰ্ডৰ দুগৰাকী কাৰ্যবাহী সঞ্চালকৰ ভিতৰত অন্যতম আছিল। তেওঁ কোম্পানীটোৰ বিক্ৰী, বিপণন আৰু ৰপ্তানিৰ ক্ষেত্ৰত আগভাগ লৈছিল। চাহৰ সোৱাদ আৰু মূল্যায়ক বিশেষজ্ঞ আছিল পৰাগ দেশাই।।

You might also like
Leave A Reply

Your email address will not be published.