আৰক্ষীৰ জালত পাঁচজন চীনা নাগৰিকক!

উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰক্ষীৰ জালত পাঁচজন চীনা নাগৰিকক। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো অবৈধভাৱে বাস কৰাৰ অপৰাধত চীনা নাগৰিক কেইজনক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, অভিযুক্ত সকলে এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু বৈধ পাছপোৰ্ট আছিল যদিও তেওঁলোকৰ ব্যৱসায়িক ভিছাৰ ম্যাদ ইতিমধ্যে উকলি গৈছিল।ধৃত কেউজনেই গ্ৰেটাৰ নয়ডাৰ বিটা-২ আৰক্ষী থানা এলেকাত ভাড়াঘৰত আছিল। ধৰা পৰা অভিযুক্তসকলৰ চাৰিজন অভিযন্তা ক্ৰমে ৱাং ঝংহুয়াং, গুয়ান ঝিউ, জিয়াং চুনিয়ং, হু য়ালিন আৰু একাউন্টেন্ট জিং মেংকিয়াং বুলি চিনাক্ত কৰা হৈছে।

গৌতম বুদ্ধ নগৰৰ স্থানীয় চোৰাংচোৱা গোটে (এলআইইউ) আৰক্ষীৰ সহায়ত চীনা নাগৰিক কেইজনক নিজৰ জিম্মাত লৈ দিল্লীৰ ডিটেনচন চেণ্টাৰত ৰাখিছে। তেওঁলোকৰ নিৰ্বাসন প্ৰক্ৰিয়া আৰু অনুসন্ধানৰ বাবে ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। অভিযানৰ অধীনত, এই পৰ্যন্ত চাৰিজন চীনা নাগৰিক, এজন কোৰিয়ান নাগৰিক আৰু ১৮ জন আফ্ৰিকান নাগৰিককে ধৰি মুঠ ২৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.