গুজৰাটত হুচ ট্ৰেজেডী!

গুজৰাটৰ বটাড জিলাত নকল সুৰা সেৱনৰ ফলত নিহতৰ সংখ্যা ৪০ লৈ বৃদ্ধি পাইছে। যোৱা ১২ ঘণ্টাত আৰু সাতজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে। মৃতসকলৰ ভিতৰত ৩১ জন বোটাদৰ বিভিন্ন গাওঁৰ আৰু ৯ জন আহমেদাবাদৰ চুবুৰীয়া ধন্দহুকা তালুকাৰ বাসিন্দা। এই পৰ্যন্ত প্ৰায় ৫০ জন লোক ভাৱনগৰ, বোটাদ আৰু আহমেদাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, বটাদ আৰু আহমেদাবাদ আৰক্ষীয়ে মঙলবাৰে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩২৮ আৰু ১২০(বি) ধাৰাৰ অধীনত প্ৰায় ২০ জন অপৰাধীৰ বিৰুদ্ধে তিনিটা গোচৰ পঞ্জীয়ন কৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে কমেও ১০ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.