ইউক্ৰেইনৰ স্লোভিয়ানস্ক চহৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ!

ক্ষেপণাস্ত্ৰ আক্ৰমণত ৮ গৰাকী লোকৰ মৃত্যু

ইণ্টাৰনেচনেল ডেস্ক:

উক্ৰেইনৰ পূব অঞ্চলৰ স্লোভিয়ানস্ক চহৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ। ক্ষেপণাস্ত্ৰ আক্ৰমণত ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় এক ডজনৰো অধিক লোক। জানিব পৰা মতে, ইউক্ৰেইনৰ বাখমুট চহৰৰ পশ্চিমে অৱস্থিত স্লোভিয়ানস্কত নিক্ষেপ কৰা হৈছে ৭টা ৰাছিয়াৰ এছ-৩০০ ক্ষেপণাস্ত্ৰ।

ক্ষেপণাস্ত্ৰ আক্ৰমণত এই পৰ্যন্ত ভিন্ন প্ৰান্তত ৮ গৰাকী লোকৰ মৃত্যু আৰু ২১ গৰাকী লোক আহত হৈছে বুলি ডনেস্কৰ গৱৰ্ণৰ পাভলো কাইৰিলেংকো জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.