ইছলাম দেশত বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মন্দিৰ

নিউজ ডেস্ক-

ভগৱান বিষ্ণুৰ আটাইতকৈ ডাঙৰ আৰু ওখ মুৰ্তিটো ক’ত আছে? হয়তো বহুতেই ক ‘ব ভাৰততে আছে এই মুৰ্তি। কিন্ত আপুনি জানি আচৰিত হ’ব ভগৱান বিষ্ণুৰ আটাইতকৈ ডাঙৰ আৰু ওখ মুৰ্তিটো ভাৰতত নাই। আছে এখন মুছলমান দেশতহে। সেই দেশখন হৈছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াত থকা বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মুৰ্তিটো হৈছে ১২২ ফুট ওখ আৰু ৬৪ ফুট বহল। মুৰ্তিটোত ব্যৱহাৰ হৈছে তাম আৰু পিতল। ভগৱান বিষ্ণুৰ এই মুৰ্তিটো নিৰ্মাণ কৰি উলিয়াওতে সময় লাগিছিল ২৮ বছৰ। ১৯৭৯ চনত ইণ্ডোনেছিয়াৰ স্থাপত্য আৰু ভাস্কৰ্য শ্ল্পী বাপ্পা ন্যুমেন নুৱাৰ্টাই এই বিশাল বিষ্ণু মুৰ্তিটো নিৰ্মাণৰ কথা ভাবিছিল। ২০১৮ চনত মুৰ্তিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মুৰ্তিটো চাবলৈ বিভিন্ন দেশৰ পৰ্যটকৰ সোঁত বৈছে।।

You might also like
Leave A Reply

Your email address will not be published.