ইটালীত ভয়ংকৰ বিমান দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

টালীত ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰোমৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বৰ উত্তৰ-পূৱত অৱস্থিত গুইডনিয়া সামৰিক বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমান দুখন। দুখন U-208 প্ৰশিক্ষণ বিমানৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। বিমানত থকা দুজন পাইলটে প্ৰশিক্ষণ অভিযানত অংশগ্ৰহণ কৰি থকা অৱস্থাত দুই পাইলটে উৰুৱাই থকা লঘু বিমানখন আকাশৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত মাটিত খুন্দা মাৰে। থিতাতে নিহত হয় দুই বিমানৰ দুই পাইলট। দুৰ্ঘটনাগ্ৰস্ত বিমান দুখনৰ এখনে এটা সৰু আৱাসিক এলেকাৰ ৰাস্তাত এখন গাড়ীত খুন্দা মাৰে। আনহাতে আনখন বিমান পথাৰত অৱতৰণ কৰে ।

প্ৰধানমন্ত্ৰী মেল’নীয়ে দুই পাইলটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পাইলটসকলৰ পৰিয়ালৰ লগতে বায়ুসেনাৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, U-208 হৈছে এখন লঘু, এক ইঞ্জিনযুক্ত বিমান যিয়ে পাইলটসহ চাৰিজন যাত্ৰী কঢ়িয়াব পাৰে।U-208 বিমানৰ সৰ্বোচ্চ গতিবেগ প্ৰায় ২৮৫ কিলোমিটাৰ ।।

You might also like
Leave A Reply

Your email address will not be published.