ইৰাকত ৬ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক হত্যা

ইৰাকত সেনাৰ আক্ৰমণত নিহত হয় ছয় দূৰ্ধৰ্ষ ইছলামিক ষ্টেট (আইএছ) গোটৰ উগ্ৰপন্থী। ইৰাকী বাহিনীৰ সেনাধ্যক্ষৰ মুখপাত্ৰ য়াহিয়া ৰাছুলে এক বিবৃতিত সদৰি কৰে এই খৱৰ। ইৰাকী যুদ্ধ বিমানে ইৰাকৰ পশ্চিম প্ৰদেশ আনবাৰত ইছলামিক ষ্টেটৰ উগ্ৰপন্থী আত্মগোপন কৰা স্থানত বিমানেৰে কৰা আক্ৰমণত উগ্ৰপন্থী গোটৰ কমেও ছয়জন উগ্ৰপন্থী নিহত হয়।

উল্লেখ্য যে, আন্তৰ্জাতিক মিত্ৰজোঁটৰ এখন পুনৰীক্ষণ বিমানে আনবাৰ প্ৰদেশৰ এটা মৰুভূমি অঞ্চলত আত্মগোপন কৰা স্থান দৃষ্টিগোচৰ কৰাৰ পিছতে ইৰাকী যুদ্ধবিমানে এই আক্ৰমণ চলাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.