উত্তৰাখণ্ডৰ তেহৰি জিলাৰ তিৱাৰগাঁৱৰ জংঘলত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ধ্বংস হয় প্ৰায় দহ হেক্টৰ বনভূমিৰ লগতে লাখ লাখ টকাৰ বনসম্পদ । জুইত জাহ যায় বহুতো জন্তু আৰু চৰাই চিৰিকতি। দেওবাৰে আবেলি জ্বলি উঠা জুই সন্ধিয়ালৈকে গোটেই অৰণ্যখন আগুৰি ধৰে বুলি জানিবলৈ দিয়ে গাওঁ খনৰ মুৰব্বীয়ে। কিছুমান অপৰাধী চক্ৰই অগ্নিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ গাওঁবাসীৰ। ইফালে বন বিভাগক অৱগত কৰাৰ পিছতে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ নিশা ৯ বজাৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.