উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা!

দ্বাদশ শ্ৰেণীৰ এজন ১৭ বছৰীয়া ছাত্ৰই নিগনি মৰা ঔষধ সেৱন কৰি বাছি লয় আত্মহত্যাৰ পথ । আত্মহত্যাকাৰী ছাত্ৰজনৰ নাম ৰাঘৱ পাঠক!

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ বদাউন জিলাত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। দ্বাদশ শ্ৰেণীৰ এজন ১৭ বছৰীয়া ছাত্ৰই নিগনি মৰা ঔষধ সেৱন কৰি বাছি লয় আত্মহত্যাৰ পথ । আত্মহত্যাকাৰী ছাত্ৰজনৰ নাম ৰাঘৱ পাঠক। পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত কম নম্বৰ পোৱাৰ কাৰণেই এই চৰম সিদ্ধান্ত ৰাঘৱ পাঠকে গ্ৰহণ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

মৃত ৰাঘৱ পাঠক বাদাউনৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ আছিল। যোৱা ১ মাৰ্চত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা আছিল যদিও পৰীক্ষাৰ বহীত কম নম্বৰ পোৱা বাবে মানসিক ভাৱে ভাগি পৰিছিল ৰাঘৱ। অৱশেষত কোঠাৰ ভিতৰতে বিহ খাই চৰম পন্থা গ্ৰহণ কৰিলে ছাত্ৰজনে। লগে লগে পৰিয়ালৰ লোকে ৰাঘৱক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিতসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ৰাঘৱে। পিছত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.