উত্তৰ প্ৰদেশত নৃশংস হত্যাকাণ্ড!

চুৰি কৰাৰ সন্দেহত এজন লোকক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ

নেচনেল ডেস্ক:

উত্তৰ প্ৰদেশৰ শ্বাহৰানপুৰত সংঘটিত হৈছে এক নৃশংস ঘটনা। চুৰি কৰাৰ সন্দেহত এজন লোকক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৩২ বছৰীয়া লোকজনক নৃশংসভাৱে প্ৰহাৰ কৰি এখন চৰকাৰী চিকিৎসালয়ৰ সন্মুখত মৃতদেহ পেলাই থৈ গৈছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে পৰিবহন বিভাগৰ ব্যৱসায়ী বংকিম চুৰী নামৰ এজন লোকৰ অধীনত মেনেজাৰ হিচাপে কৰ্মৰত আছিল শিৱম জোহৰী নামৰ লোকজন। শিৱমক হত্যা কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই ৭ জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ভাইৰেল হোৱা দৃশ্যত দেখিবলৈ পোৱা অনুসৰি শিৱম জোহৰীক এটা খুঁটাত বান্ধি ৰডেৰে প্ৰহাৰ কৰা হৈছিল। চুৰিৰ বাবে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। ।

You might also like
Leave A Reply

Your email address will not be published.