উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত শোকাৱহ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত মৃত্যু হয় ২০ গৰাকী লোকৰ

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত শোকাৱহ পথ দুৰ্ঘটনা। শনিবাৰে শ্বাহজাহানপুৰৰ তিলহাৰ থানাৰ অন্তৰ্গত বীৰছিং গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হয় ২০ গৰাকী লোকৰ।

আৰক্ষীয়ে জনোৱা মতে, আজমপুৰ গাঁৱত ধৰ্মীয় অনুষ্ঠানৰ বাবে গৰা নদীৰ পৰা পানী লৈ দুখন ট্ৰেক্টৰ-ট্ৰলীত আহিছিল এদল লোকে। উভতি অহাৰ সময়ত দুয়োখন ট্ৰেক্টৰ-ট্ৰলীৰ চালকে ইজনে সিজনৰ লগত অভাৰটেক কৰাৰ প্ৰতিযোগিতা চলাই আহি থকা অৱস্থাতে এখন ট্ৰেক্টৰ-ট্ৰলী নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে।নদীত পৰি যোৱা ট্ৰেক্টৰ ট্ৰলীখনত ৪২ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.