এছিয়ান গেমছৰ দিনটোৰ প্ৰথম ইভেণ্টতে ভাৰতৰ পদক অৰ্জন

এতিয়ালৈ ভাৰতে লাভ কৰিছে মুঠ ৫ টা পদক

স্প’ৰ্টছ ডেস্ক:

চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছৰ দিনটোৰ প্ৰথম ইভেণ্টতে ভাৰতৰ পদক অৰ্জন। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ৰমিতা, মেহুলী ঘোষ, আৰু আশী চৌকছে অৰ্জন কৰে ৰূপৰ পদক । প্ৰথম পদক লাভ কৰাৰ কিছু সময়ৰ পাছতে অৰ্জুন লাল জাট আৰু অৰবিন্দে পুৰুষৰ ৰ’য়িঙত লাইটৱেট ডাবল স্কালত লাভ কৰে ৰূপৰ পদক । ৰ’য়িঙত পুৰুষৰ আঠজনীয়া দলেও লাভ কৰে আন এটা ৰূপৰ পদক। ৰ’য়িঙত বাবু লাল যাদৱ আৰু লেখ ৰামে পুৰুষৰ যুটিত লাভ কৰে ব্ৰঞ্জৰ পদক । আনহাতে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত ভাৰতৰ ৰমিতাই অৰ্জন কৰে আন এটা ব্ৰঞ্জৰ পদক। এতিয়ালৈ ভাৰতে লাভ কৰিছে মুঠ ৫ টা পদক। ইয়াৰ উপৰিও ভাৰতৰ মহিলা ক্ৰিকেট দলেও ছেমি ফাইনেলত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত উপনিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.