এৰিকছেনৰ প্ৰাণৰক্ষা আছিল অলৌকিক

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ডেনিচ ফুটবল তাৰকা ক্ৰিষ্টিয়ান এৰিকছেনে মৃত্যুক জয় কৰাটো এক অলৌকিক ঘটনা।শণিবাৰৰ নিশা ইউৰ’ কাপত ফিনলেণ্ডৰ বিপক্ষে খেলৰ মাজতে ঢলি পৰা এৰিকছেনক যথাসময়ত CPR নিদিয়াহ’লে প্ৰাণ ৰক্ষা সম্ভৱ নহলহেঁতেন। এনে পৰিস্থিতিত মানুহৰ ৭ শতাংশহে জীৱন ৰক্ষাৰ সম্ভাৱনা থাকে।এই মন্তব্য এৰিকছেনৰ পূৰ্বৰ দল টট্টেনহামৰ ভাৰতীয় চিকিৎসক সঞ্জয় শৰ্মাৰ। ২০১৩ চনৰ পৰা ২০২০ চন পৰ্যন্ত টট্টেনহামৰ হৈ খেলা এৰিকছেনৰ স্বাস্থ্য সুৰক্ষাৰ দায়িত্বত আছিল ভাৰতীয় চিকিৎসক সঞ্জয় শৰ্মা। চিকিৎসক গৰাকীয়ে জনোৱা মতে যিহেতু CPR দিয়াৰ অৰ্থই হ’ল হৃদস্পন্দন বন্ধ হৈ যোৱা,সেয়ে এৰিকছেন জীৱিত বুলি চিকিৎসকে নিশ্চিত নকৰা পৰ্যন্ত তেৱোঁ অন্যান্য অনুৰাগীৰ দৰেই প্ৰাৰ্থনাত ব্যস্ত হৈ আছিল।
উল্লেখযোগ্য যে ২০২০ চনত ইন্টাৰ মিলানত যোগদানৰ আগলৈকে টট্টেনহামৰ হৈ ২২৬ খন খেল খেলি এৰিকছেনে ৫১ টা গ’ল দিয়াৰ অভিলেখ ৰচি থৈছে।।

You might also like
Leave A Reply

Your email address will not be published.