ওড়িশাৰ বিভিন্ন স্থানত ওলাল বৃহৎ পৰিমানৰ সোণৰ সন্ধান!

ৰাজ্যখনৰ তীখা আৰু খনি মন্ত্ৰী প্ৰফুল্ল কুমাৰ মল্লিকে বিধানসভাক অৱগত কৰে এই তথ্য

নেচনেল ডেস্ক:

ড়িশাৰ তিনিখন জিলাৰ বিভিন্ন স্থানত ওলাল বৃহৎ পৰিমানৰ সোণৰ সন্ধান। ৰাজ্যখনৰ তীখা আৰু খনি মন্ত্ৰী প্ৰফুল্ল কুমাৰ মল্লিকে বিধানসভাক অৱগত কৰে এই তথ্য। সোণৰ সন্ধান পোৱা তিনিখন জিলা দেওগড়, কেওনঝাৰ, ময়ুৰভঞ্জ। ৰাজ্যৰ খনি আৰু ভূতত্ত্ব সঞ্চালকালয়ৰ লগতে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে চলাইছিল প্ৰাৰম্ভিক জৰীপ। আদাছ অঞ্চলৰ জি ২ লেভেলত তামৰ অক্সাইডত ১৬৮৫ কিলোগ্ৰাম সোণৰ অৱস্থিতিৰ তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। 

ৰাজ্যখনত ৬৬.৭ মিলিয়ন টন তাম, ০.৬৩৮ মিলিয়ন টন ৰূপ আৰু ০.১০ মিলিয়ন টন নিকেল থকা বুলি অনুমান কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.