মধ্যমীয়া ভূমিকম্পই জোকাৰি গ’ল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ!

পুৱা ৬:৫৭ বজাত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৩.৯ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো।

নেচনেল ডেস্ক:

দেওবাৰে পুৱা এক মধ্যমীয়া ভূমিকম্পই জোকাৰি গ’ল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ। পুৱা ৬:৫৭ বজাত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৩.৯ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল শ্ৰীনগৰৰ পৰা ৩৮ কিলোমিটাৰ উত্তৰে আৰু ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। খৱৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্পন বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পত কোনো ধৰণৰ হতাহতৰ খৱৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.