ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ!

 

নেচনেল ডেস্ক:

দালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ। ওদালগুৰি আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। অস্ত্ৰখিনি অসম-অৰুণাচল সীমান্তৰ চিকাৰীদাঙাৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।

উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰত আছে ৬ টা AK ছিৰিজৰ ৪৭ ৰাইফল, এটা 9mm পিষ্টল, ৮ টা মেগজিন আৰু বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি। বাতৰি যুগুটোৱা পৰ্যন্ত জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা অস্ত্ৰখিনি কোনে এনেদৰে লুকুৱাই ৰাখিছিল। এই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.